গহপুৰ এক্সপ্ৰেছ :।দিনাংক-৬/১০/১৮
গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে পথচাৰীক।চাৰি লেণ্ড যুক্ত কামৰ লেহেমীয়া গতিৰ বাবেই পথৰ এই দুৰৱস্থা। বালিজানৰ পৰা গহপুৰ নগৰৰ মাজ মজিয়ালৈকে পথৰ মাজত দ দ গাঁতৰ সৃষ্টিয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে যাতায়তৰ ক্ষেত্ৰত। মাজে মাজে গাঁত সমূহ শিল,বালি আৰু আলকতৰাৰ সংমিশ্ৰণেৰে ঢাকিবলৈ চেষ্টা কৰা হয় যদিও এজাক বৰষুন আহিলেই পুনৰ আগৰ অৱস্থাই হয়। গহপুৰ নগৰলৈ উক্ত অ্ঞ্চলৰ বিভিন্ন গাওঁ সমূহৰ যথেষ্ট কন কন শিক্ষাৰ্থী সকল বাছেৰে অহা যোৱা কৰে।এই ক্ষেত্ৰত বাছত যাত্ৰা কৰা যথেষ্ট ভয়বহ হৈ পৰিছে।ৰাস্তাৰ দুয়ো কাষে দম দম বালি জমা কৰি থোৱাৰ ফলত পথটিও যথেষ্ট থেক হৈ পৰিছে।সেয়ে সকলোৰে এটাই প্ৰশ্ন কেতিয়া শেষ হ'ব চাৰিলেণ্ড যুক্ত পথৰ নিৰ্মাণ কাৰ্য।!
Sunday, October 7, 2018
ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰববস্তা জীয়াতু ভুগিছে সাধাৰণ জনতাই
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment