Tuesday, October 2, 2018

পূৰ্ব জ্যোতি যুৱক সংঘ খাৰৈ-গুৰিৰ দ্বাৰা গান্ধী জয়ন্তী উদ্ যাপন

পূৰ্ব জ্যোতি যুৱক সংঘ খাৰৈ-গুৰিৰ দ্বাৰা গান্ধী জয়ন্তী উদ্ যাপন

*************************
আজি পূৰ্ব জ্যোতি যুৱক সংঘ খাৰৈ-গুৰিৰ দ্বাৰা ১৫০ তম গান্ধী জয়ন্তী উদ্ যাপন কৰা হয় । পুৱা ৭:৩০ বজাত খাৰৈ-গুৰি উন্নয়ন সমিতিৰ সভাপতি মানিক শইকীয়াই পতাকা উত্তোলন কৰে । "স্বচ্ছতাই সেৱা" কাৰ্যসূচীৰ জৰিয়তে ২ কি: মি: পথ চাফা কৰা হয় । চাফাই অভিযান মুকলি কৰে বৰ বায়ন  পৰমা ফুকনে । গান্ধী জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা মুকলি সভাত  নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ‍্যক্ষ ললিত কেওট , শিক্ষক দিপক ভূঞা, জেষ্ঠ্য নাগৰিক  মোলান শইকীয়া, পুতুল বৰা, দীপক গগৈ আদিয়ে মহা মানৱ মহাত্মা গান্ধীৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই। সভাখনত খাৰৈ-গুৰি উন্নয়ন সমিতিৰু যোগেদি লঘু আহাৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে খাৰৈ-গুৰি যুৱক সংঘই ১৯৭৯ চনৰে পৰাই এই ২ অক্টোবৰ দিনটো উদ্ যাপন কৰি আহিছে।

No comments:

Post a Comment