গহপুৰ এক্সপ্ৰেছ;৬অক্টোবৰ: কল্যানপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চাৰেঙ্গীয়াত ঘৰচীয়া হাতীৰ তাণ্ডৱত মাউত উঠিল গছৰ ওপৰত।হঠাৎ হাতীটো উন্মাদ হৈ চোচাঁ লয় মাউটলে।দিনৰ ১১ বজাৰ পৰা মাউট উঠি থাকিল গছৰ ওপৰত।সন্ধ্যা বনবিভাগক খবৰ দিলে স্থানীয় গাওঁবুঢ়াই।উপস্থিত হ'ল বৰগাং ৰেঞ্জৰ বন বিষয়াৰ দল আৰু ঘাঁহিগাৱ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া । বৰ্তমান কেনেদৰে হাতীটো বশ কৰি মাউটক উদ্ধাৰ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে "ফৰেষ্ট"বিভাগে।
No comments:
Post a Comment